মই বিভিন্ন সময়ত কৰা ট্ৰেইন যাত্ৰাৰ বহুপ্ৰকাৰৰ অভিজ্ঞতাৰ এইটো ২য় ভাগ। প্ৰথম ভাগ ইয়াত পাব।
দীৰ্ঘদীনিয়া ট্ৰেইন যাত্ৰাত সময় অতিবাহিত কৰা বৰ অসহ্যকৰ। আলোচনী পঢ়ি, খিৰিকিৰে বাহিৰৰ দৃশ্য উপভোগ কৰি, ট্ৰেইনত গান গাই ফুৰা সৰু ল'ৰা ছোৱালীবোৰৰ গান শুনি, শুই, বাদাম চাহ খাই, আন মানুহৰ ব্যৱহাৰ observe কৰিও সময় নাযায় হে নাযায়। কেতিয়াবা কথকি মানুহ উঠিলে কথা শুনি শুনি সময় দ্ৰুতগতিত পাৰ হৈছিল।
নিউ জলপায়গুড়িৰ ওচৰ পালে সময়বোৰ অতিবাহিত কৰিব সুবিধা আছিল, কাৰণ তেতিয়া ট্ৰেইনত বিভিন্ন বস্তু বিক্ৰি কৰিব hawker বোৰ উঠিছিল। Ricoh Seiko Citizen বুলি কৈ কৈ বহুজনে ঘড়ি বিক্ৰি কৰি ফুৰিছিল। বস্তুবোৰ চাই চাই ভাল লাগিছিল, window shopping কৰাৰ নিচিনা।
কেতিয়াবা ওচৰত বহা কোনো মানুহে প্ৰতিজন hawker ৰকে মাতি ওচৰত বহুৱাই বস্তু চাই দাম দৰ কৰিছিল, তেতিয়া সময় অতিবাহিত কৰিব আৰু ভাল হৈছিল। মই বিভিন্ন সময়ত ট্ৰেইনত ঘড়ি, কেমেৰা আৰু walkman কিনিছিলো। বস্তুবোৰৰ quality ইমান ভাল নাছিল, কেমেৰাটো কিছুদিন চলিছিল কিন্তু ঘড়ি আৰু walkman বেচিদিন নচলিল।
|
এজন Hawker |
বহুসময়ত আমি কলেজলৈ যাওতে মুম্বাইহৈ যোৱা পথত reservation নেপাইছিলো, সেয়েহে দিল্লীহৈ গৈছিলো।কেতিয়াবা দিল্লীৰ পৰা চুৰাটলৈ reservation নাথাকিছিল, তেতিয়া ট্ৰেইনত TT ৰ পিচে পিচে berth ৰ আশাত দবাই দবাই ঘূৰি ফুৰিছিলো।
এবাৰ লগৰ কোনোবা এজনৰ reservation থকাত আমি গোটেই কেইজন reserved দবাত বস্তু বাহানি লৈ সোমাইছিলো, আশা আছিল যে ৰাতি হোৱাৰ আগে আগে কৰবাত berth পাম। কিন্তু সেইবাৰ ট্ৰেইনত বহুত ভিৰ থকাত আমি এজনেও নাপালো, আটাইকেইজনেই reserved দবাৰ মজিয়াত কাগজ পাৰি ৰাতি শুব লগাত পৰিছিলো।
আন এবাৰ reservation নথকাত আমাক sleeper দবাত সোমাব নিদিয়াত আমি unreserved দবাত দিল্লীৰ পৰা যাব লগাত পৰিছিলো। দবাটোত ভালদৰে থিয় দিবৰেই ঠাই নাছিল, গোটেই ৰাতিটো, প্ৰায় ১৪ ঘন্টা কেনেকে যাম ভাবি ভাবি মনটো বেয়া লাগিছিল। সিফালে গোটেই দিনতো ঘুৰি ঘুৰি টোপনী ধৰিছিল, ৰেলিং অত ভালদৰে হাতেৰে ধৰি হাতত মুৰ থৈ শুইছিলো। পিচত মাজৰাতিহে অলপমান বহিব ঠাই পাইছিলো।
আন এবাৰ মই অকলে দিল্লীৰ পৰা অসমলৈ গৈ আছিলো। কোনোবা এটা ঠাইত গৈ গম পালো যে ট্ৰেইনৰ ডাঙৰ দুৰ্ঘটনা হৈছে আৰু ট্ৰেইন আগলৈ নাযায়।ট্ৰেইনৰ যাত্ৰীবোৰক বাচেৰে আন এটা ষ্টেছনলৈ লৈ গ'ল, কিন্তু তাৰপৰা অসম অহা ট্ৰেইন পাবলৈ দিগদাৰ, মানুহে আহিবলৈ হেতা উপৰা লগাইছে। মই ট্ৰেইনত আহোতেই অসমীয়া army দল এটাৰ লগত চিনাকি হৈছিলো, সিহতৰ লগতেই পশ্চিম বংগৰ কোনোবা এটা ষ্টেছনৰ platform ৰ মজিয়াত বহুৰাতি কাগজ পাৰি শুইছিলো, পিচত ট্ৰেইন ভালদৰে চলাত অসম আহিছিলো।
আন এবাৰ বাংগালোৰৰ পৰা অসম ৰেলেৰে অকলে যাব ওলাইছিলো। Reservation নাছিল, হাতত এটা বেগ লৈ unreserved দবাত উঠি দেখিলো যে দবা ভৰ্তি। মনে মনে ভাবিলো কি কৰা যায় আৰু কেনেকে অসম গৈ পাম, তথাপি মনত সাহস যে কিবা কৰি হ'লেও যাম। "বহা seat লাগে নেকি ?" কোনোবাই হিন্দিতে সোধাত পিচফালে চাই দেখিলো যে ট্ৰেইনৰ কুলি এজন। মই লাগে বুলি কোৱাত সি মোৰ বেগটো লৈ দৌৰিব ধৰিলে আৰু মোকো লগতে দৌৰিব ক'লে। প্ৰায় ২০০ মিটাৰমান দৌৰাৰ পিচত এটা unreserved দবা পালো, সি এটা ওপৰৰ seat অত পাৰি থোৱা কাপোৰ গুচাই মোৰ বেগটো দি দিলে আৰু মোক লগে লগে শুই পৰিব ক'লে, ময়ো সেইমতে কৰিলো। তাক পইচা দি মই যি শুলো, তাৰ পিচত toilet যোৱাৰ বাহিৰে আৰু একো কামতে তলত নানামিলো, একেবাৰে গুৱাহাটীত হে নামিলো। আচৰিত ভাবে সেইবাৰৰ যাত্ৰা অতি আৰামেৰে কৰিছিলো।
তাৰ পিচত আৰু কেইবাৰমান ট্ৰেইনত যাত্ৰা কৰিছিলো, কিন্তু AC দবাত, বিশেষ একো অসুবিধা হোৱা নাছিল।
আজিকালি ট্ৰেইনৰ যাত্ৰা যথেষ্ট সুবিধাজনক। সময় অতিবাহিত কৰিব লগত মোবাইল থাকেই, বহুতে লেপটপও লৈ যায় চিনেমা চাবলৈ, ট্ৰেইনতে charge কৰিব পাৰি। খোৱা বোৱাও বহুত সুবিধা হ'ল, সকলো পেকিং হৈ আহে। খোৱা পানীও sealed বটলত পায়, যদিও তাৰ quality অলপ সন্দেহজনক।
Private airlines বোৰ হোৱাৰ পিচত আৰু মানুহৰ জীৱনত সময়ৰ অভাব হোৱাত আজিকালি মানুহৰ ট্ৰেইনত দীৰ্ঘদিনীয়া যাত্ৰা যথেষ্ট কমি যোৱা যেন মোৰ অনুভৱ হয়।