Sunday 23 January 2022

বন্যজীৱনৰ অভিজ্ঞতা: BR Hills

২০০৩ চনৰ ডিচেম্বৰ মাহ। এইবাৰ অফিচৰ team outing অত BR Hills অলৈ যোৱা ঠিক হ'ল, ২ দিনৰ বাবে। BR Hills (Biligirirangana Hills) বাংগালোৰৰ পৰা প্ৰায় ১৭৫ কি.মি. দূৰত থকা পৰ্বত শৃংখলা, লগতে বাঘ সংৰক্ষণ কেন্দ্ৰও।

নিৰ্দিষ্ট দিনত আমি বাচত বহি যাত্ৰা কৰি দুপৰীয়া পালোগৈ।
ঠাইখন ভাল লাগিল, পাহাৰীয়া বনাঞ্চল ঠাই, ওখ গছ গছনীৰে ভৰা। ৰাতি থকাৰ বাবে বিভিন্ন ধৰণৰ বিকল্প আছে, বাহ- কাঠৰ ঘৰ, tent (ওপৰত খেৰ দিয়া)। আমি ঘৰবোৰৰ ভিতৰত সোমাই ভালদৰে চালো।

বাহ- কাঠৰ ঘৰ
খেৰ দিয়া tent

বাহিৰত এখন ডাঙৰ net আছে, কেইদালমান গছত বান্ধি থোৱা। বহুত মানুহ উঠিব পাৰি, আমি যিমান পাৰি সিমান উথিলো। তাতেই বান্দৰৰ দৰে জাপ মাৰিলো, ইজনে সিজনক ঠেলা ঠেলি কৰিলো।

Net

দুপৰীয়াৰ ভাত খাই অলপ জীৰনি লৈ বন্য জন্তু চাবলৈ ওলালো, জীপত উঠি।

জন্তু চাবলৈ ওলালো
হাবিৰ মাজে মাজে গৈ বহুত হৰিণ আৰু বনৰীয়া মহ দেখিলো। সিহতে কোৱা মতে বাঘো হেনো পোৱা যায়, কিন্তু আমি নেদেখিলো। এবাৰ বনৰীয়া মহ কেইটা মান জীপৰ একেবাৰে ওচৰত আহি ওলাল, কিন্তু লাহে লাহে আতৰি গ'ল, আমাৰ যথেষ্ট ভয় লাগিছিল। সন্ধিয়াৰ আগে আগে আমি ওভতি আহিলো।
জীপৰ একেবাৰে ওচৰত বনৰীয়া মহ কেইটা মান

ৰাতি ঠাইখিনি আৰু ভাল লগা হৈ উঠিছিল। বাহিৰত একো ডাঙৰ লাইট্ জলাই ঠোৱা নাছিল, মাত্ৰ মাজে মাজে খুটাত ওলোমাই থোৱা আছিল লন্ঠন।

ৰাতিৰ দৃশ্য
লন্ঠনৰ পোহৰতে ইফালৰ পৰা সিফালে ঘূৰিলো। অলপ ৰাতি হোৱাত camp fire হ'ল, খোৱা বোৱা চলিল, বিভিন্ন ধৰণৰ খেল ধেমালি চলিল।
camp fire
ৰাতি শোৱাৰ সময়ত মই আৰু লগৰ হিমাছাই এটা দুজনীয়া tent ললো, ৰাতি ভাল টোপনি আহিল।
মই আৰু বন্ধু হিমাছাই এটা দুজনীয়া tent ললো, ৰাতি শোৱাৰ বাবে

ৰাতিপুৱা ৬ টা মানতে উঠি চাহ খাই trekking ত গলো, সেউজীয়া গছ বনৰ মাজে মাজে খোজকাঢ়ি ভাল লাগিল।

trekking
উভতি আহি কিবা কিবি খাই elephant safari কৰিব গলো। হৰিণ, বনৰীয়া মহ আদি বহুত জন্তু দেখিলো, কিন্তু বাঘ নেদেখিলো।
Elephant safari

ওভতি আহি ভাত পানী খাই ঘৰলৈ অহা অফিচৰ বাছত বহিলো। লগৰ কিছুমানে বাছতে কিবা কিবি খেল ধেমালি কৰি আহিল, মই আৰু কেইজনমানে বাছৰ পিচৰ চিটত শুই শুই আহি ঘৰ পালো।

No comments:

Post a Comment

ইংলেন্ডৰ গাওঁৰ অবিস্মৰণীয় অভিজ্ঞতা: The Allure of an English Village

ইংলেন্ডৰ এখন সৰু ঠাইত হোৱা মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত মই ইয়াত লিখিছো। অফিচৰ কামৰ সূ্ত্ৰে মই Worthing নামৰ দক্ষিণ ইংলেন্ডত অৱস্থিত এ...