Thursday, 27 January 2022

মোৰ প্ৰথম Mysore যাত্ৰা, স্কুটাৰেৰে

২০০৩ চন, আমি বাংগালোৰত কেইজনমান অসমীয়া বন্ধুৱে মেল পাতি থাকোতে কথাই কথাই স্কুটাৰেৰে Mysore যোৱাৰ পৰিকল্পনা হ'ল। মই তাৰ কিছু দিন আগতে এখন Activa কিনিছো, বন্ধু কেইজনৰ মতে Mysore ঘূৰি আহি পাও মানে মই বাংগালোৰৰ ৰাস্তাত স্কুটাৰ ভালদৰে চলাব পৰা হ'ম (যদিও মই গুৱাহাটীত বহুবছৰ স্কুটাৰ চলাইছো)।

সেইমতে ৩ অক্টোৱৰ ২০০৩ ত আমি চাৰিজন বন্ধুৱে ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিলো। পৰিকল্পনা মতে সিদিনা Mysore ত থাকি ঘূৰি পকি পিচদিনা ওভতি আহিম।
Mysore বাংগালোৰৰ পৰা প্ৰায় ১৪৫ কি.মি. দূৰত, ৰাস্তা সেইসময়ত মোটা মোটি ঠিক যদিও মাজে মাজে বেয়া, স্কুটাৰত যথেষ্ট জোকাৰণী লাগে। আমি ৰাস্তাত মাজে মাজে ৰৈ ৰৈ গলো।

আমি চাৰিজন বন্ধুৱে ৰাস্তাত এঠাইত ৰৈছো

দুপৰীয়া প্ৰায় ১টা মান বজাত আমি St. Philomena's Cathedral church পালো।

St. Philomena's Cathedral church
অলপ ঘূৰি পকি আমি ৰাতি থকা হোটেল বিচাৰিলো। দূৰ্গা পূজাৰ সময়, হোটেল বিলাক ভৰ্তি, কিবাকে এখন সৰু হোটেলত থকা ঠাই পালো।
তাৰ পিচত দুপৰীয়াৰ আহাৰ কৰি অলপ জিৰণি লৈ বৃন্দাবন বাগিছালৈ বুলি ওলালো। প্ৰায় ২২ কি.মি. যাত্ৰা কৰি ৪:৩০ মান বজাত গৈ পালো। ৩ ঘন্টামান বাগিছাত ফুৰিলো, আন্ধাৰ হোৱাত ধূনীয়া লাইটৰ show হ'ল, দেখি যথেষ্ট ভাল লাগিল।
Brindavan Gardens
Brindavan Gardens, ৰাতিৰ দৃশ্য

বৃন্দাৱন বাগিছাৰ পৰা ওভতি আহি Mysore Palace পালো ৰাতি প্ৰায় ৯:৩০ বজাত। Dussehra ৰ সময়, ৰাজ প্ৰসাদটো ১ লাখ লাইটেৰে সজাই ৰাখিছে, বৰ ধূনীয়া লাগিছে দেখিবলৈ।
অলপ ঘূৰি ফুৰি কিবা খাই লৈ হোটেললৈ আহিলো ।

Mysore Palace

ৰাতিপুৱাই সোনকালে উঠি চ্ছামূন্দেশ্ৱৰী মন্দিৰলৈ বুলি ওলালো। মন্দিৰতো প্ৰায় ১৩ কি.মি. মান দূৰত চ্ছামুন্দী পাহাৰৰ ওপৰত স্থিত। আমি গৈ ৮:৩০ মান বজাত পালো আৰু দৰ্শন কৰিলো।

চ্ছামূন্দেশ্ৱৰী মন্দিৰ
ওচৰতে নন্দীৰ মন্দিৰ এটাও পালো।
নন্দী

কিবা অলপ খাই লৈ আমি আহি Lalitha Mahal Palace পালো, এইটো আগতে ৰাজপ্ৰসাদ আছিল, এতিয়া এটা হোটেল। বাহিৰৰ পৰাই চাই আমি বাংগালোৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলো।

Lalitha Mahal Palace Hotel

মাজতে এখন ধাবাত ৰৈ দুপৰীয়াৰ আহাৰ কৰিলো।

ধাবাত ৰৈ দুপৰীয়াৰ আহাৰ কৰিলো

আহি আহি শ্ৰীৰংগাপটনা ত ৰৈ Daria Daulat Bagh ৰাজপ্ৰসাদ চালো।

Daria Daulat Bagh

আন এঠাইত ৰৈ চাহ খাই আৰু কতো নোৰোৱাকৈ বাংগালোৰৰ ফালে আহি আহি ৰাতি প্ৰায় ১০ টা মান বজাত ঘৰ পালো।

No comments:

Post a Comment

Seven Sisters

Coming Soon