Saturday 8 January 2022

ট্ৰেইন যাত্ৰাৰ বিভিন্ন অভিজ্ঞতা - ১

মই বিভিন্ন সময়ত কৰা ট্ৰেইন যাত্ৰাৰ বহুপ্ৰকাৰৰ অভিজ্ঞতাৰ ওপৰত লিখিব ওলাইছো। লিখি লিখি অলপ ডাঙৰ হোৱাত ২টা ভাগত প্ৰকাশ কৰিলো।

মই চুৰাটৰ কলেজত পঢ়িথকা সময়ত অহাযোৱা কৰাৰ বাহিৰেও তাৰ পিচতো বিভিন্ন সময়ত ট্ৰেইনেৰে যাত্ৰা কৰিছো।
প্ৰথমবাৰ ট্ৰেইনত যোৱাৰ সময়ত একেবাৰে ধূনীয়াকৈ সাজিপাৰি চফা পাতল ৰংঙৰ চোলা আৰু পেন্ট পিন্ধি sleeper ক্লাচৰ দবাত বহিলো, গন্তব্যস্থান পাওমানে চোলা পেন্ট লেতেৰা হ'ল। পিচলৈ যাত্ৰাত পাতল ৰংঙৰ কাপোৰ নিপিন্ধা হলো, পিন্ধিলেও ট্ৰেইন চলাৰ লগে লগে সলাই থোৱা হলো।

প্ৰথমতে খোৱা বোৱা কৰোতেও যথেষ্ট বেয়া লাগিছিল। চাহ নাখাইছিলো, কিয়নো সিহতৰ বস্তু বহুবাৰ পায়খানাৰ ওচৰত থোৱা দেখিছিলো।
ভাত খাওতেও উপায় নাপাইহে যেন কিবাকে খাইছিলো। তেতিয়া ট্ৰেইনত ভাত খোলা ঠালত দিছিল, ঠালবোৰ এখনৰ ওপৰত আনখন দি আনিছিল, আনোতে কিমান ধূলি আৰু লেতেৰা পৰে ভাবিয়েই ভাত খাব মন নোযোৱা হৈছিল।

লাহে লাহে অৱশ্যে ঘিন ভাবটো নোহোৱা হৈছিল আৰু চাহ ভাত আৰামেৰে খাইছিলো।
যি ট্ৰেইনত pantry car আছিল তেনে ট্ৰেইনত আমি pantry car ত গৈ খাইছিলো, কিয়নো তেতিয়া ভাত দাইল আদি ইচ্ছা অনুসৰি ল'ব পাৰি, খোৱা গৰম আৰু চফা পোৱা যায়।
বহু সময়ত ষ্টেছনৰ পৰাও বস্তু কিনি খাইছিলো, যেনে পুৰি-ঘুগুনি ব্ৰেড-ওমলেট্ ।
মালডা ষ্টেছনত আম-চট্ট, আমৰ আচাৰ আদি কিনিছিলো।

ৰাতি শুৱাৰ বাবে মই পৰাপক্ষত আটাইতকৈ ওপৰৰ berth টো লৈছিলো। সেই সময়ত 3 tier sleeper বিলাক যদিও reserved আছিল তথাপি দিনত unreserved ৰ দৰে হৈছিল। কিছু বিখ্যাত ঠাইত (নাম উল্লেখ নকৰো) মানুহ ৰাতিপুৱা ৪ টা বজাতে ট্ৰেইনত উঠি তলৰ berth ত শুৱা মানুহক জগাই দি সপৰিয়ালে বহি লৈছিল। কিবা ক'লেও সিহতে মাৰিবহে আহে। ওপৰৰ berth ত তেনে অসুবিধা নহৈছিল।

ওপৰৰ berth ত শুলে আমি সাধাৰণতে জোতা চেন্দেল ফেনৰ ওপৰত থৈছিলো, তলত থলে ট্ৰেইনৰ জোকাৰণিত বহুদুৰ গুছি গৈছিল বা ৰাতি কেতিয়াবা আন মানুহে পিন্ধি টয়লেট্ গৈ বেয়া অবস্থাত থৈছিল।

ফেন জোতা থোৱাৰ বাবে ব্যবহাৰ কৰিছিলো

সেই সময়ত sleeper দবাবোৰত এটা ladies কম্পাৰ্টমেন্ট থাকিছিল, মাত্ৰ মহিলাৰ বাবে সুকিয়া। আমাৰ কলেজত অসমৰ ছোৱালীও পঢ়িছিল। এবাৰ আমাৰ লগত যোৱা সময়ত ছোৱালীজনীৰ লগত একেলগে টিকট কটা বাবে আমি ল'ৰা কেইজনেও ladies কম্পাৰ্টমেন্টত স্থান পাইছিলো। সেইবাৰ ট্ৰেইনত যথেষ্ট ভিড় আছিল, মানুহ দুৱাৰত ধৰি ওলমি ওলমি গৈছিল যদিও আমি আৰামেৰে গৈছিলো, কাৰণ ladies কম্পাৰ্টমেন্টৰ দুৱাৰ আমি ভিতৰৰ পৰা বন্ধ কৰি ৰাখিছিলো।

গৰমৰ দিনত কিছুমান ঠাইত ভ্ৰমণ কৰা যথেষ্ট কষ্টকৰ, খিৰিকি মেলিলে জুইশালত বহি থকা যেন লাগে, বাহিৰৰ বতাহ ইমান গৰম ! Coach ৰ ফেনৰ বেচিভাগেই নঘূৰিছিল, ঘূৰাকেইখনো একেবাৰে লাহে লাহে। পিচলৈ আমি নুঘূৰা ফেন ঠিক কৰাৰ কৌশল জানিছিলো, ট্ৰেইন চলি থকা সময়ত ফনী বা তেনে ধৰণৰ কিবা বস্তুৰে ফেনৰ blade জোৰকৈ ঘূৰাই দিলেই হ'ল ।

দীৰ্ঘদিনিয়া যাত্ৰাত পানী আৰু toilet ৰ যথেষ্ট অসুবিধা হৈছিল। প্ৰায়েই 3 tier sleeper দবাত পানী শেষ হৈ গৈছিল, তেতিয়া toilet যোৱা বৰ অসুবিধা। বেচিভাগ মানুহেই ভালদৰে toilet ব্যৱহাৰ নকৰে আৰু লেতেৰা কৰি পেলায়। আমি প্ৰায়েই ac দবাৰ toilet মনে মনে ব্যবহাৰ কৰিছিলো।

খোৱা পানীৰো যথেষ্ট অসুবিধা আছিল, আৰম্ভণীতে আমি খোৱা পানীৰ বটল লগত ৰাখিছিলো। যাওতে ঘৰত ভৰাই নিচিলো, বাটত শেষ হ'লে কোনোবা ষ্টেছনত আকৈ ভৰাই লৈছিলো।
কিন্তু ষ্টেছনৰ পানী ইমান ভাল নাছিল। এবাৰ মই লগত বটল নিব পাহৰিছিলো, গতিকে যেতিয়াই পানী খোৱাৰ ইচ্ছা হৈছিল তেতিয়াই ষ্টেছনৰ পানী খাইছিলো, ঘৰ আহি পাই typhoid ত ভুগি হস্পিটালত ভৰ্তি হ'ব লগা হৈছিল।

খোৱা পানী

1 comment:

ইংলেন্ডৰ গাওঁৰ অবিস্মৰণীয় অভিজ্ঞতা: The Allure of an English Village

ইংলেন্ডৰ এখন সৰু ঠাইত হোৱা মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত মই ইয়াত লিখিছো। অফিচৰ কামৰ সূ্ত্ৰে মই Worthing নামৰ দক্ষিণ ইংলেন্ডত অৱস্থিত এ...