English translation by Google is available:
পাহাৰৰ ওপৰত অৱস্থিত এটা বৃহৎ অট্টালিকা সদৃশ ঘৰ। বাচ বা ট্ৰেইনেৰে অহা যোৱা কৰোতে দেখি দেখি মনত সেইটো চোৱাৰ হেপাহ জাগিছে যদিও সময় আৰু সুবিধা হোৱা নাই।
১৮ আগষ্ট ২০১৩, Worthing, ইংলেন্ড। আজি সেই অট্টালিকাটো চাবলৈ যাব ওলাইছো। ৰাতিপুৱাৰ পৰাই কিনকিনিয়া বৰষুণ। মই বাচত উঠিলো, কিন্তু কোনতো বাচ ষ্টপত নামিব লাগিব নাজানো, সুধিবলৈ বাচত এজনো মানুহ নাই। গৈ থাকোতে বাচত দূৰৰ পৰাই অট্টালিকাটো দেখা পোৱা যায়, সেয়েহে অনুমানতে এটা বাচ ষ্টপত নামি দিলো আৰু সেই ফালে যোৱা ৰাস্তাত খোজ দিলো।
ধুনীয়া গছ-গছনিৰ মাজে মাজে ৰাস্তা, ৰাস্তাৰ কাষে কাষে BlackBerry গছত ফল লাগিছে।
গৈ গৈ Shoreham Airport অৰ ওচৰ পালো, এইটো UK ৰ আটাইতকৈ পুৰণি বিমানবন্দৰ কিন্তু এতিয়া মাত্ৰ light aeroplane আৰু flying school বিলাকৰ বাবেহে ব্যৱহাৰ কৰা হয়। অলপ ৰৈ বাহিৰৰ পৰাই সৰু সৰু aeroplane বিলাক চালো।
বিমানবন্দৰ পাৰ হৈ অট্টালিকাটো থকা পাহাৰটোত খোজ কাঢ়িব ধৰিলো। ৰাস্তা ধুনীয়া আৰু খালি, কোনো মানুহ বা গাড়ী অহা যোৱা কৰা নাই।
মই অকলে ৰাস্তাত খোজ কাঢ়ি গৈ আছো। কেতিয়াবা অলপ জংগলৰ দৰে ঠাই পাওঁ, কেতিয়াবা বহুত পুৰণি দিনৰ ঘৰ পাও, কেতিয়াবা আকৌ মূকলি পথাৰ দূৰ দূৰলৈ দেখা পায়।
এনেদৰে খোজ কাঢ়ি গৈ গৈ পাহাৰৰ ওপৰৰ অট্টালিকাটো পালো, তেতিয়াহে বুজিলো যে এইটো ইয়াৰ Lancing কলেজৰ Chapel (গীৰ্জা ঘৰৰ এটা ভাগ), এটা ৯০ ফুট্ ওখ মনোমোহা ভৱন।
Chapel টোৰ ভিতৰখিনি চাবলৈ বৰ মনোমোহা, প্ৰাৰ্থনা কৰা ঠাইখিনি ধুনীয়াকে চাফ চিকুনকৈ চকি পাৰি ৰখা হৈছে। তাত ৩ টা ডাঙৰ organ আছে য'ত সিহতৰ ধৰ্মীয় সংগীত বজোৱা হয়।
Organ কেইটাৰ ওপৰত এখন ৩২ ফুট ব্যাস (diameter) অৰ ঘূৰণীয়া খিৰিকী আছে, এইখনক Rose window বুলি কয়। এইখন সিহতৰ ধৰ্মৰ লগত জড়িত চিত্ৰৰ ৩০ হাজাৰ ৰঙীন কাঁচৰ টুকুৰাৰে নিৰ্মিত, ইংলন্ডৰ ভিতৰতে আটাইতকৈ ডাঙৰ।
Chapel অৰ বাহিৰলৈ ওলাই আহি ওচৰতে ইফালে সিফালে ঘূৰিলো, বহু দূৰলৈ দেখা যায়, ভাল লাগিল।
ওচৰতে কলেজখনৰ ঘৰ কিছুমান আছে, বাহিৰৰ পৰাই চালো।
এনেদৰে ঘূৰিপকি লাহে লাহে পাহাৰৰ পৰা খোজকাঢ়ি নামি আহিলো, বহুত খোজ কঢ়া হ'ল যদিও ভাল লাগিল।
See more photos
here.
No comments:
Post a Comment