Sunday, 7 December 2025

Arundel Castle ভ্ৰমণ: England's Majestic Fortress and Its Enchanting Gardens

এয়া ২০১৩ চনৰ জুন মাহ।
বৰ্তমান মই দক্ষিণ ইংলেণ্ডৰ West Sussex ৰ ৱৰ্থিং (Worthing) নামৰ ঠাইত আছো আৰু আজি অৰুণ্ডেল দুৰ্গ (Arundel Castle) ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছো।

দক্ষিণ ইংলেণ্ডৰ West Sussex ৰ অৰুণ্ডেল নামৰ এখন চহৰত অৱস্থিত অৰুণ্ডেল দুৰ্গটো প্ৰায় ১০০০ বছৰ পুৰণি, যদিও ইয়াক পিছত বহুবাৰ উন্নীত আৰু পুনৰ নিৰ্মাণ কৰা হৈছিল। অৰুণ্ডেল চহৰৰ পূব দিশৰ মাজেৰে অৰুণ নদী বৈ গৈছে।

মই ৱৰ্থিঙৰ পৰা ৰাজহুৱা পৰিবহণৰ বাছ এখনত উঠিলোঁ, অৰুণ্ডেল পাবলৈ প্ৰায় এঘণ্টা সময় লাগিল।
দূৰৰ পৰাই দুৰ্গটো দেখা যায়।

অৰুণ্ডেল দুৰ্গ আৰু ইয়াৰ চৌপাশ
দুৰ্গটো চাবলৈ প্ৰৱেশ মাচুল দিব লাগে। ইয়াত চাবলৈ বহুত বস্তু আছে। দুৰ্গটো অতি সুন্দৰ, প্ৰাচীন শিল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে।

দুৰ্গটোৰ Courtyard
দুৰ্গৰ ভিতৰত ৩০টাতকৈও অধিক অতি সজ্জিত কোঠা আছে — য'ত আছে ৰাজ্যিক হল, ড্ৰয়িং ৰুম, শোৱা কোঠা আৰু এটা সুন্দৰ লাইব্ৰেৰী। ৰজা ৰাণীৰ কোঠাবোৰ চালে চকুৰোৱা, অতি সুন্দৰকৈ সজাই ৰখা হৈছে।।

ইয়াৰ ভিতৰৰ এটা কোঠা
ইয়াৰ এটা ডাঙৰ আকৰ্ষণ হৈছে দুৰ্গৰ চৌহদত অৱস্থিত বহু একৰ বিস্তৃত, ধুনীয়া বাগিচা।

Collector Earl ৰ বাগিচা
বাগিচাৰ অঞ্চলসমূহৰ ভিতৰত আছে Collector Earl ৰ বাগিচা, এখন গোলাপ ফুলৰ বাগিচা, এখন "Stumpery" বাগিচা (ভাস্কৰ্য্যৰ দৰে পুৰণি গছৰ ডালৰ মাজত ৰোপণ কৰা আৰু বন্যপ্ৰাণীক উৎসাহিত কৰাৰ লক্ষ্যৰে), বনৌষধি বাগিচা, ঋতুভিত্তিক উৎপাদিত সামগ্ৰীৰ সৈতে এখন "পাকঘৰ/জৈৱিক বাগিচা" আদি।

টিউলিপ (Tulip) বাগিচাৰ এটা অংশ, Fitzalan Chapel ৰ সন্মুখত।
ইয়াৰ ওচৰতে Fitzalan Chapel অৱস্থিত আৰু ইয়াত যোৱা ৬০০ বছৰ পুৰণি বহু বিখ্যাত ইংৰাজ ব্যক্তিৰ সমাধিস্থল আছে।

সমাধিৰ এটা অংশ
দুৰ্গটো সম্পূৰ্ণৰূপে চাবলৈ যথেষ্ট সময় লাগিল। দুৰ্গৰ পৰা ওলাই অহাৰ পিছত মই অৰুণ্ডেল চহৰখন চাবলৈ সিদ্ধান্ত ল’লোঁ৷
মূল পথটোত অলপ খোজ কাঢ়ি গৈ এটা ধুনীয়া গীৰ্জাঘৰ দেখা পালোঁ, ইয়াৰ নাম Arundel Cathedral.

Arundel Cathedrel
মই গীৰ্জাৰ ভিতৰলৈ সোমাই গ’লোঁ। ভিতৰখন ধুনীয়া, ইয়াত আছে ডাঙৰ ডাঙৰ ৰঙীন কাঁচৰ খিৰিকী (Rose window)। এই খিৰিকীবোৰত বাইবেলৰ ধৰ্মীয় দৃশ্য অঁকা হৈছে।

Arundel Cathedral ত ইংৰাজী বিয়া দেখিলো ।
গীৰ্জাৰ পৰা ওলাই অহাৰ পিছত ঠাই খনৰ সৰু সৰু ওখ চাপৰ ৰাস্তাত খোজ কাঢ়ি কাঢ়ি বহুত ঘুৰিলো ।

তাত সপ্তাহৰ কোনো এটা দিনত, আমাৰ গাঁৱৰ নিচিনা, সাপ্তাহিক বজাৰ বহে, য'ত খেতিয়কে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰি কৰে, সিহঁতে তাক farmer's market বুলি কয়।

Farmer's market ৰ এখন সৰু দোকান
মই যোৱাৰ দিনা বজাৰ বহাত, মই বজাৰখন ইফালে সিফালে ঘূৰি চালোঁ আৰু তাৰ পৰা কিবা কিবি ফল মূল কিনিলো।

বজাৰৰ পৰা মই এয়া কিনিলো, আমাৰ বগৰীৰ নিচিনা
চহৰখন আৰু অলপ ফুৰাৰ পিছত, আন্ধাৰ হোৱাৰ আগতেই মই ৱৰ্থিংঅলৈ উভতি আহিলোঁ৷

No comments:

Post a Comment

London

aaa