দুৰ্গৰ ভিতৰত ৩০টাতকৈও অধিক অতি সজ্জিত কোঠা আছে — য'ত আছে ৰাজ্যিক হল, ড্ৰয়িং ৰুম, শোৱা কোঠা আৰু এটা সুন্দৰ লাইব্ৰেৰী। ৰজা ৰাণীৰ কোঠাবোৰ চালে চকুৰোৱা, অতি সুন্দৰকৈ সজাই ৰখা হৈছে।
ইয়াৰ ভিতৰৰ এটা কোঠা
ইয়াৰ এটা ডাঙৰ আকৰ্ষণ হৈছে দুৰ্গৰ চৌহদত অৱস্থিত বহু একৰ বিস্তৃত, ধুনীয়া বাগিচা।
Collector Earl ৰ বাগিচা
বাগিচাৰ অঞ্চলসমূহৰ ভিতৰত আছে Collector Earl ৰ বাগিচা, এখন গোলাপ ফুলৰ বাগিচা, এখন "Stumpery" বাগিচা (ভাস্কৰ্য্যৰ দৰে পুৰণি গছৰ ডালৰ মাজত ৰোপণ কৰা আৰু বন্যপ্ৰাণীক উৎসাহিত কৰাৰ লক্ষ্যৰে), বনৌষধি বাগিচা, ঋতুভিত্তিক উৎপাদিত সামগ্ৰীৰ সৈতে এখন "পাকঘৰ/জৈৱিক বাগিচা" আদি।
টিউলিপ (Tulip) বাগিচাৰ এটা অংশ, Fitzalan Chapel ৰ সন্মুখত।
ইয়াৰ ওচৰতে Fitzalan Chapel অৱস্থিত আৰু ইয়াত যোৱা ৬০০ বছৰ পুৰণি বহু বিখ্যাত ইংৰাজ ব্যক্তিৰ সমাধিস্থল আছে।
সমাধিৰ এটা অংশ
দুৰ্গটো সম্পূৰ্ণৰূপে চাবলৈ যথেষ্ট সময় লাগিল। দুৰ্গৰ পৰা ওলাই অহাৰ পিছত মই অৰুণ্ডেল চহৰখন চাবলৈ সিদ্ধান্ত ল’লোঁ৷
মূল পথটোত অলপ খোজ কাঢ়ি গৈ এটা ধুনীয়া গীৰ্জাঘৰ দেখা পালোঁ, ইয়াৰ নাম Arundel Cathedral.
No comments:
Post a Comment