Monday 31 January 2022

গোল্ডেন পামচ্ ৰিজৰ্তত এদিন

২০০৩ চনৰ আগষ্ট মাহ। আমি অফিচৰ পৰা outing ত Golden Palms Hotel & Resort লৈ যাব ওলাইছো।

Golden Palms Hotel & Resort, Sanjay Khan ৰ এখন 5 star resort. ইয়াত হোটেলৰ লগতে এটা ডাঙৰ swimming pool, spa আৰু বিভিন্ন ধৰণৰ indoor আৰু outdoor games ৰ সুবিধা আছে।

Swimming pool টো বহুত ডাঙৰ

নিৰ্দিষ্ট দিনত আমি সকলোৱে অফিচত লগ হৈ বাচত উঠিলো আৰু resort আহি প্ৰায় ১০:৩০ বজাত পালো। Welcome drink খাই সকলোৱে বিভিন্ন activity কৰাত লাগিল। আমি কেইজন মানে volley ball খেলাত লাগিলো, আন কিছুমানে swimming pool ত নামি water volley ball খেলিলে।

সিহতৰ swimming pool টো বহুত ডাঙৰ আৰু ধুনীয়াকে ৰাখিছে। মই পানীত নানামিলো, একো swim wear নিয়া নাছিলো।
মই swimming pool ৰ ওচৰতে অলপ বহিলো

এনেদৰে অলপ খেলা ধুলা কৰাৰ পিচত ২ টা মান বজাত দুপৰীয়াৰ আহাৰ কৰিলো। সিহতৰ বিভিন্ন ধৰণৰ সোৱাদলগা soup, salad, starter, vegeterian আৰু non vegeterian dish, বিৰিয়ানী, noodle, ice cream, sweet আদি আছে। পেট ভৰাই খাই লৈ কিছু সময় বহি বহিয়ে টোপনি মাৰিলো।

সুস্ৱাদু খাদ্য খালো

তাৰ পিচত আমি কেইজন মানে snooker খেলিলো, ভালদৰে একো খেলিব নাজানো তথাপি পেট ভৰ্তি বাবে বেলেগ একো খেলিবৰ ইচ্ছা নাই।

কিবা কিবি shot মাৰিলো

পিচত মই আৰু আন এজনে squash খেলিলো, প্ৰথম বাৰ খেলিছো, বহুত stamina ৰ প্ৰয়োজন হয়, দৌৰি দৌৰি ভাগৰ লাগে।

Squash খেলিলো

আন কিছুমানে tennis খেলিলে, মই মাজতে এবাৰ গৈ racket খন দাঙি খেলিব চেষ্টা কৰিলো, কিন্তু ইমান সহজ নহয়, বহুত শক্তিৰ প্ৰয়োজন হয়।

Tennis খেলা সহজ নহয়

এনেদৰে কিছু সময় খেলাৰ পিচত বহুত ভাগৰ লগাত আহি কেৰম্ খেলিলো।

কেৰম্

লাহে লাহে বেলি মাৰ গৈছে, চাহ আৰু জলপান খাই আমি বাচত উঠি ঘৰমুৱা হলো।

Swimming pool ৰ মাজত ফটোৰ বাবে প'জ্
এনেদৰে এটা ভাল লগা দিনৰ পৰিসমাপ্তি হ'ল। গতানুগতিক কামৰ মাজত অলপ refreshment পালো, সুস্ৱাদু খাদ্য খালো আৰু অলপ শাৰীৰিক ভাবে সক্ৰিয় হলো।

No comments:

Post a Comment

ইংলেন্ডৰ গাওঁৰ অবিস্মৰণীয় অভিজ্ঞতা: The Allure of an English Village

ইংলেন্ডৰ এখন সৰু ঠাইত হোৱা মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত মই ইয়াত লিখিছো। অফিচৰ কামৰ সূ্ত্ৰে মই Worthing নামৰ দক্ষিণ ইংলেন্ডত অৱস্থিত এ...