Thursday 13 January 2022

নন্জনগুড়ত trekking ৰ অভিজ্ঞতা

২০০৩ চন, মই কাম কৰি থকা কোম্পানীত মোৰ মেনেজাৰজনে মই weekend ত trek কৰিব যাম নেকি সুধিলে। মই তেতিয়া অবিবাহিত, একো কাম নথকাত ময়ো ওলালো।
নন্জনগুড়ৰ পাহাৰত trek কৰাৰ সিদ্ধান্ত লোৱা হ'ল।

নন্জনগুড় (Nanjangud) কৰ্নাটকৰ Mysore (Mysuru) জিলাত, বাংগালোৰৰ পৰা প্ৰায় ১৬৫ কিলোমিটাৰ দূৰত। ইয়াক দক্ষিণ ভাৰতৰ কাশী (Dakshina Prayaga) বুলিও কয়।

আমি ৮ জনে এখন টাটা ছুমো গাড়ী ভাৰাত লৈ যাত্ৰা আৰম্ভ কৰিলো (২৭ চেপ্তেম্বৰ ২০০৩ চন) আৰু Mysore ৰ ওচৰত ৰাতিটো কটাব ঠিক কৰিলো। বিজয়াদশমী (Dussehra) ৰ সময়, ইয়াত হোটেল পোৱা কষ্টকৰ, বহুত বিচৰাৰ পিচত কিবাকে এখন সৰু হোটেলত ৰুম পালো, কিন্তু ৰাতিটো মহৰ কামোৰত ভালদৰে টোপনী নাহিল।

ৰাতিটো Mysore ৰ ওচৰৰ এখন ঠাইৰ হোটেলত কটালো

ৰাতিপুৱাই সোনকালে উঠি breakfast কৰি যাত্ৰা আৰম্ভ কৰিলো। হোটেলৰ পৰা ঠাইখন বেছি দূৰত নহয়, তথাপি পাহাৰীয়া ৰাস্তাত সময় লাগিল, প্ৰায় ১ ঘন্টামানৰ মূৰত গৈ পালো।

পাহাৰৰ মাজে মাজে ৰাস্তাত ছুমো গৈ আছে

তাতেই এটা মন্দিৰ আছে, আটাইকেইজনে মন্দিৰ দৰ্শন কৰি trek কৰিব আৰম্ভ কৰিলো, সময় প্ৰায় ৯:৩০ বাজিছে ।

মন্দিৰৰ পৰা দৃশ্য

সুন্দৰ প্ৰাকৃতিক দৃশ্য চাই চাই পাহাৰৰ মাজে মাজে খোজকাঢ়ি গৈ আছো, লগত এজন স্থানীয় মানুহ guide হিচাবে।

Trek আৰম্ভ

অলপ যোৱাৰ পিচত এটা সৰু গুহা দেখিলো, প্ৰকান্ড শিল এটাৰ তলতে মানুহে বনাই লোৱা, ভিতৰত এজন মানুহৰ বাবে যথেষ্ট ঠাই আছে।

এটা মানুহে বনাই লোৱা গুহা
গুহাৰ ভিতৰত ভালেখিনি ঠাই

পাহাৰ বগাই বগাই খোজকাঢ়ি গৈ আছো, কেতিয়াবা ওখ শিল পাই বগাব লগীয়া হৈছে, কেতিয়াবা আৰু এখন পাহাৰৰ পৰা নামি আনখন পাহাৰলৈ বুলি খোজ লৈছো।

পাহাৰৰ পিচত পাহাৰ অতিক্ৰম কৰি গৈ আছো

কেতিয়াবা guide এ কিবা বন্য জন্তু থকা বুলি কোৱাত চাবলৈ ৰৈছো। কোনো কোনোৱে দেখা বুলিও ক'লে কিন্তু মই হলে একো নেদেখিলো।

Guide এ বাঘ আছে বুলি কোৱাত অলপ ৰৈ চাবৰ চেষ্টা কৰিলো, মই কিন্তু একো নেদেখিলো।

কেতিয়াবা ওখ গছ গছনিৰ মাজে মাজে গৈছো, বগৰী আৰু টেটেলী গছ দেখি চিগি খাইছো। কেতিয়াবা আৰু বনৰ মাজে মাজেও যাব লগা হৈছে, পাতবোৰ ধাৰ থকা, গাত লাগিলে কাটি তেজ ওলায়।

বহুত বগৰী খালো।

পাহাৰৰ ওপৰতে সৰু সৰু পুখুৰিও দেখিলো, হয়তো বৰষুণৰ পানী জমা হৈছে।
এনেদৰে প্ৰায় ২.৫ ঘন্টামান trek কৰাৰ পিচত আমি ১২ মান বজাত আহি গাড়ীৰ ওচৰ পালো।

প্ৰাকৃতিক দৃশ্য

ভোক লাগিল কিন্তু খাবলৈ লগত বিস্কুতৰ বাহিৰে একো নাই, পানীৰে সৈতে খাই ছুমোত বহিলো।
গাত বল শক্তি নোহোৱাৰ দৰে লাগিছে, ৰাস্তাত এটা ঠাইত নাৰিকল বিক্ৰী কৰি থকা দেখি নামি যিমান পাৰি সিমান খালো।

গাত বল শক্তি নোহোৱা হৈছে, মাটিতেই বহি ললো।

Mysore আহি এখন ৰেস্তোৰাত সোমাই পেট ভৰ্তি কৰি ভাত খালো। আহি আহি সন্ধিয়া আৰু এঠাইত ৰখাই চাহ পকোৰা আদি খালো আৰু ৰাতি আহি বাংগালোৰ পালো।

নন্জনগুড়ত চাবলৈ আৰু আন বহুত ঠাই আছে যেনে Srikanteshwara মন্দিৰ, পৰশুৰাম মন্দিৰ, কাবিনি নদী, Sringeri মঠ আদি, চাবলৈ আৰু কেতিয়াবা আহিম।

No comments:

Post a Comment

ইংলেন্ডৰ গাওঁৰ অবিস্মৰণীয় অভিজ্ঞতা: The Allure of an English Village

ইংলেন্ডৰ এখন সৰু ঠাইত হোৱা মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত মই ইয়াত লিখিছো। অফিচৰ কামৰ সূ্ত্ৰে মই Worthing নামৰ দক্ষিণ ইংলেন্ডত অৱস্থিত এ...