ইংলেন্ডৰ এখন সৰু ঠাইত হোৱা মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত মই ইয়াত লিখিছো।
অফিচৰ কামৰ সূ্ত্ৰে মই Worthing নামৰ দক্ষিণ ইংলেন্ডত অৱস্থিত এখন ঠাইলৈ গৈ থাকিব লগা হৈছিল, বহু বছৰ, বহু বাৰ। এই ঠাইখনত দেখা শুনা বস্তুবিলাক মই ইয়াত সৰু সৰু আকাৰত লিখিছো।
This article is no longer available.
২০০৬ চনৰ এপ্ৰিল মাহ, আমি Mysore ৰ পৰা শ্ৰৱণবেলাগোলা নামৰ ঠাইখন অভিমুখে যাত্ৰা কৰিছো।
It's April 2006, we are heading for Shravanabelagola, a small town and a Jain sacred place, around 85 kms from Mysore.
The place is famous for it's 1000 year old, 57 feet Lord Gommateshwara Bahubali statue, which is one of the tallest monolithic statues carved out of a single granite, in the world.
শ্ৰৱণবেলাগোলা দক্ষিণ ভাৰতৰ Mysore ৰ পৰা প্ৰায় ৮৫ কি.মি. দূৰত অৱস্থিত এখন সৰু চহৰ। ঠাইখন ইয়াত থকা জৈন ধৰ্মৰ ভগৱান Gommateshwara Bahubali মূৰ্ত্তিৰ বাবে বিখ্যাত। ৫৭ ফুট্ ওখ, ১০০০ বছৰ পুৰণি এই মূৰ্ত্তিটো এটা প্ৰকান্ড গ্ৰেনাইট (granite) শিলৰ পৰা কাটি কাটি বনোৱা, পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্ত্তিবিলাকৰ ভিতৰত অন্যতম।
Lord Gommateshwara Bahubali statue
এই মূৰ্ত্তিটো বিন্ধ্যাগিৰি পৰ্বতত অৱস্থিত। পাহাৰৰ ওপৰলৈ প্ৰায় ৬০০ খন শিলৰ চিৰি খোজকাঢ়ি যাব লাগে, জোতা চেন্দেল আদি পিন্ধিব নোৱাৰি।
One needs to climb around 600 stone steps on the Bindhyagiri hill to reach the statue.
The steps to be climbed up.
আমি গৈ প্ৰায় ৩ টা মান বজাত পালো। বতৰটো গৰম, যথেষ্ট ৰ'দ দিছে। মোৰ পত্নীয়ে ভক্তিভাবে খালি ভৰিৰে দুখন মান চিৰি বগাই উফ্ উফ্ কৰি উভতি আহিল, শিলত ৰ'দ পৰি চিৰি বিলাক জুইৰ নিচিনা গৰম হৈ আছে।
আমি মোজা পিন্ধি চিৰি বগাব ধৰিলো, ৰ'দৰ পৰা বাচিবলৈ টুপি কিনিলো। ৰ'দটো বৰ প্ৰখৰ, ৰ'দত শিলৰ চিৰি বিলাকৰ পৰাও গৰম আহিছে। আমি ঘামিছো আৰু পানী খাইছো, অলপ দূৰ গৈ এঠাইত জিৰণি ললো।
We reached the place at around 3 pm, started climbing up the stairs wearing socks and hat, due to tremendous heat. We kept sipping water and climbing up the stairs, resting in between.
We rested in between.
ইয়ালৈ যথেষ্ট মানুহ আহে, খোজকাঢ়িব নোৱাৰা মানুহক কঢ়িয়াবলৈ পাল্কীৰ ব্যৱস্থাও আছে। ডিগম্বৰ্ জৈন মানুহ মই ইয়াত প্ৰথম দেখিলো। এনেদৰে মাজে মাজে ৰৈ আমি পাহাৰ বগাই গৈ ওপৰ পালো।
The environment is very peaceful, we spent quite some time there.
প্ৰতি ১২ বছৰৰ মূৰে মূৰে এই মূৰ্ত্তিটোৰ মহামস্তক অভিশেক্ (Mahamastakabhisheka) জৈন সম্প্ৰদায়ৰ লোক সকলে ধুমধামেৰে পালন কৰে। এই উৎসৱৰ সময়ছোৱাত মূৰ্ত্তিটো পানী, গাখীৰ, হালধি, চন্দন আদিৰে ধুৱাই দিয়া হয়। মূৰ্ত্তিটো বহুত ওখ বাবে চিৰিৰে ওপৰলৈ গৈ বস্তুবোৰ ধালি দিয়া হয়।
মহামস্তক অভিশেক্ এই বছৰৰ ফেব্ৰুৱাৰী মাহতে হৈ গ'ল যদিও এতিয়াও সৰু হিচাবে হৈ আছে, আমিও অলপ দেখিলো।
Mahamastakabhisheka is celebrated here every 12 years, during which the statue is smeared with various things like milk, turmeric paste, rice flour, coconut water, sandalwood, sugarcane juice and 52 varieties of flowers.
Though the main festival was over in February month of this year, still we saw it being performed on a very small scale.
Mahamastakabhisheka is being celebrated.
পাহাৰৰ ওপৰৰ পৰা ওচৰ পাজৰৰ ঠাইবোৰ বহুত দূৰলৈ দেখা পোৱা যায়। আমি শিলত বহি দৃশ্য উপভোগ কৰিলো, ৰ'দ যথেষ্ট কমিছে গতিকে বহি ভাল লাগিল।
We enjoyed the beauty of the nearby places from the top of the hill.
ওচৰ পাজৰৰ দৃশ্য বৰ ধুনীয়া
এনেদৰে অলপ সময় বহাৰ পিচত আমি লাহে লাহে পাহাৰৰ পৰা নামি আহিলো। এখন দোকানত বিভিন্ন ধৰণৰ কাঁচৰ ধুনীয়া খাৰু দেখি মোৰ পত্নীয়ে কিনিলে। পিচত কিবা কিবি খাই আমি বাংগালোৰ অভিমুখে যাত্ৰা কৰিলো।
After spending some nice time on the hill top, we came down, booked a cab and left for Bangalore.
৩১ জুলাই ২০০৪ চন, অফিচৰ পৰা আমাক team building training দিবলৈ Pegasus training institute তলৈ লৈ যোৱা হ'ল, ২ দিনৰ বাবে।
31st July, 2004. We are heading for a 2 day team building training in Pegasus training institute.
Pegasus training institute বাংগালোৰত থকা এটা প্ৰশিক্ষণ কেন্দ্ৰ, সিহতে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়ে, team building training সিহঁতে সিহঁতৰ কেম্পত দিয়ে। কেম্পটো চহৰৰ পৰা অলপ আঁতৰত, শান্তিপূৰ্ণ নিৰিবিলি ঠাইত।
Pegasus training institute, located at Bangalore, offers various kinds of trainings. Our team building training is scheduled to be held at their camp, which is situated at a calm place outside the main city.
প্ৰশিক্ষণ হিচাবে সিহতে আমাক সৰু সৰু দলত ভাগ কৰি প্ৰতিটো দলকে একোটা group activity কৰিব দিয়ে। এই কামবিলাক interesting আৰু প্ৰতিজন মানুহৰে ইয়াত সমান ভাগ থাকে। সিহতৰ বহুকেইজন instructor থাকে, কামতো হৈ যোৱাৰ পিচত তাৰ বিষয়ে ধুনীয়াকৈ বুজাই দিয়ে, কিয় কামটো আমি কৰিব পাৰিলো বা নোৱাৰিলো, কেনেকে কৰিলে আমি কামটো ভালদৰে কৰিব পাৰিলোহেতেন ইত্যাদি।
As part of training, entire team is divided into smaller groups and each group is assigned a group activity. The activities are generic in nature and interesting, needs equal participation from every member in a team.
They have knowledgeable trainers, who explain about the activities to be carried on. Once a task is done, they also explain why the team successed or failed in achieving the desired result and how the team could have improved.
A group activity is being performed
Group activity বিলাকৰ মাজে মাজে কিছুমান theory ক্লাচ ও হয় য'ত বিভিন্ন ধৰণৰ idea শিকোৱা হয়। এই বিলাকত প্ৰায়ে মাজৰ পৰা এজনক মাতি নি কিবা কিবি ক'ব দিয়ে।
Theory classes are scheduled in between the group activities, where the trainers share some good ideas. Often they invite a random team member to speak in front of the group.
Attending a theory class
I'm speaking to the group
মনত থকা এটা group activity হ'ল এনেধৰণৰ। তিনিডাল বাহেৰে এটা ত্ৰিকোণ বনাই এটা মূৰত বহুকেইদাল দীঘল ৰচি বান্ধি দিয়া হ'ল। এতিয়া ত্ৰিকোণটো বহুকেইজনে ৰচিৰ সহায়ত টানি ধৰি থিয়কৈ ৰাখিব লাগে, এজন মানুহ ত্ৰিকোণটোত উঠিব লাগে আৰু ত্ৰিকোণটো প্ৰায় ৫০ মিটাৰ নিব লাগে, কিন্তু ত্ৰিকোণটো আৰু তাত উঠি থকা মানুহজন মাটিত পৰিব নালাগিব।
দেখাত এইটো অতি সহজ কিন্তু কৰিবলৈ টান, কিয়নো ত্ৰিকোণটো এঠাইৰ পৰা আনঠাইলৈ নিওতে balance হেৰাই মাটিত পৰি যায়।
An activity that I remember is something like this. We are told to make a triangle using 3 long bamboos, ropes are attached to one end of the triangle. Using the ropes, we need to keep the triangle vertically straight, one member has to ride the triangle and move it around 50 meters, without the triangle or the member falling down on the ground. It looks quite easy but actually it's not, the triangle and the member loses balance and falls down.
The triangle group activity
ৰাতি থকাৰ বাবে ইয়াত tent আছে, আমি বহুকেইজনে এটা tent তটে থাকিলো। ৰাতি কিছু সময়লৈ ইটো সিটো কথা পাতিলো কিন্তু বেছি ৰাতি হোৱাৰ আগতেই শুলো, ৰাতিপুৱা সোনকালে উঠিব লাগে।
It has tents for spending the night, many of our friends shared a single tent. We had a good gossip for quite some time but slept soon as trainings start early.
The tents for night stay
দ্বিতীয় দিনা এটা অলপ ডাঙৰ group activity দিলে। আমাক ৪ টা দলত ভাগ কৰিলে, প্ৰতিটো দলকে সমান সংখ্যক বাঁহ, ৰচি, tyre আদি দিলে। কৰিব দিয়া কামটো হ'ল যিমান পাৰি কম সংখ্যক বস্তু ব্যৱহাৰ কৰি এখন ভেল্ বনাব লাগে, ভেলখনত বহি দলৰ মানুহবোৰ এখন সৰু নদী পাৰ হৈ আহিব লাগে, কিন্তু মানুহবোৰ পানীত ডুব যাব নালাগিব।
এই কামটোও দেখাত সহজ, আমাৰ দলটোৱে ভেল্ বনাই পানীত চলালে কিন্তু মানুহ কেইজন পানীত আধা ডুব গ'ল।
On the second day, a bit larger group activity is assigned. The entire team is divided into 4 groups, each group is allocated equal number of bamboos, ropes, tyres. Each group need to build a boat using as less resource as possible, which can float in water and carry the team members across a small river (lake). This too looks easy, but our team members are submerged in water till chest while riding the boat.
The boat build by us is being inspected by a trainer
We're ready to ride
The boat didn't work as expected, team members were almost submerged in water