Friday 18 February 2022

শ্ৰৱণবেলাগোলা ভ্ৰমণৰ অভিজ্ঞতা

English Version
২০০৬ চনৰ এপ্ৰিল মাহ, আমি Mysore ৰ পৰা শ্ৰৱণবেলাগোলা নামৰ ঠাই খন অভিমুখে যাত্ৰা কৰিছো।

শ্ৰৱণবেলাগোলা দক্ষিণ ভাৰতৰ Mysore ৰ পৰা প্ৰায় ৮৫ কি.মি. দূৰত অৱস্থিত এখন সৰু চহৰ। ঠাইখন ইয়াত থকা জৈন ধৰ্মৰ ভগৱান Gommateshwara Bahubali মূৰ্ত্তিৰ বাবে বিখ্যাত। ৫৭ ফুট্ ওখ, ১০০০ বছৰ পুৰণি এই মূৰ্ত্তিটো এটা প্ৰকান্ড গ্ৰেনাইট (granite) শিলৰ পৰা কাটি কাটি বনোৱা, পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্ত্তিবিলাকৰ ভিতৰত অন্যতম।
Lord Gommateshwara Bahubali statue

এই মূৰ্ত্তিটো বিন্ধ্যাগিৰি পৰ্বতত অৱস্থিত। পাহাৰৰ ওপৰলৈ প্ৰায় ৬০০ খন শিলৰ চিৰি খোজকাঢ়ি যাব লাগে, জোতা চেন্দেল আদি পিন্ধিব নোৱাৰি।
The steps to be climbed up.

আমি গৈ প্ৰায় ৩ টা মান বজাত পালো। বতৰটো গৰম, যথেষ্ট ৰ'দ দিছে। মোৰ পত্নীয়ে ভক্তিভাবে খালি ভৰিৰে দুখন মান চিৰি বগাই উফ্ উফ্ কৰি উভতি আহিল, শিলত ৰ'দ পৰি চিৰি বিলাক জুইৰ নিচিনা গৰম হৈ আছে।
আমি মোজা পিন্ধি চিৰি বগাব ধৰিলো, ৰ'দৰ পৰা বাচিবলৈ টুপি কিনিলো। ৰ'দটো বৰ প্ৰখৰ, ৰ'দত শিলৰ চিৰি বিলাকৰ পৰাও গৰম আহিছে। আমি ঘামিছো আৰু পানী খাইছো, অলপ দূৰ গৈ এঠাইত জিৰণি ললো।
We rested in between.

ইয়ালৈ যথেষ্ট মানুহ আহে, খোজকাঢ়িব নোৱাৰা মানুহক কঢ়িয়াবলৈ পাল্কীৰ ব্যৱস্থাও আছে। ডিগম্বৰ্ জৈন মানুহ মই ইয়াত প্ৰথম দেখিলো।
এনেদৰে মাজে মাজে ৰৈ আমি পাহাৰ বগাই গৈ ওপৰ পালো।
The statue.

পাহাৰৰ ওপৰৰ মূৰ্ত্তি আৰু ইয়াৰ ওচৰৰ ঠাইখিনিৰ পৰিবেশতো যথেষ্ট শান্তিপূৰ্ণ, গা আৰু মনটো যেন শীতল পৰি গ'ল। আমি মূৰ্ত্তিৰ ওচৰে পাজৰে বহুত সময় কটালো।

প্ৰতি ১২ বছৰৰ মূৰে মূৰে এই মূৰ্ত্তিটোৰ মহামস্তক অভিশেক্ (Mahamastakabhisheka) জৈন সম্প্ৰদায়ৰ লোক সকলে ধুমধামেৰে পালন কৰে। এই উৎসৱৰ সময়ছোৱাত মূৰ্ত্তিটো পানী, গাখীৰ, হালধি, চন্দন আদিৰে ধুৱাই দিয়া হয়। মূৰ্ত্তিটো বহুত ওখ বাবে চিৰিৰে ওপৰলৈ গৈ বস্তুবোৰ ধালি দিয়া হয়।
মহামস্তক অভিশেক্ এই বছৰৰ ফেব্ৰুৱাৰী মাহতে হৈ গ'ল যদিও এতিয়াও সৰু হিচাবে হৈ আছে, আমিও অলপ দেখিলো।
Mahamastakabhisheka is being celebrated.

পাহাৰৰ ওপৰৰ পৰা ওচৰ পাজৰৰ ঠাইবোৰ বহুত দূৰলৈ দেখা পোৱা যায়। আমি শিলত বহি দৃশ্য উপভোগ কৰিলো, ৰ'দ যথেষ্ট কমিছে গতিকে বহি ভাল লাগিল।
ওচৰ পাজৰৰ দৃশ্য বৰ ধুনীয়া

এনেদৰে অলপ সময় বহাৰ পিচত আমি লাহে লাহে পাহাৰৰ পৰা নামি আহিলো। এখন দোকানত বিভিন্ন ধৰণৰ কাঁচৰ ধুনীয়া খাৰু দেখি মোৰ পত্নীয়ে কিনিলে। পিচত কিবা কিবি খাই আমি বাংগালোৰ অভিমুখে যাত্ৰা কৰিলো।

See more photos here.

No comments:

Post a Comment

ইংলেন্ডৰ গাওঁৰ অবিস্মৰণীয় অভিজ্ঞতা: The Allure of an English Village

ইংলেন্ডৰ এখন সৰু ঠাইত হোৱা মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত মই ইয়াত লিখিছো। অফিচৰ কামৰ সূ্ত্ৰে মই Worthing নামৰ দক্ষিণ ইংলেন্ডত অৱস্থিত এ...