Monday, 28 February 2022

মহাবলিপুৰম্ ভ্ৰমণৰ অভিজ্ঞতা

২০০৬ চনৰ ডিচেম্বৰ্ মাহ, আমি মহাবলিপুৰম্ চাবলৈ আহিছো, চেন্নাইৰ পৰা।
মহাবলিপুৰম্ তামিলনাডুৰ চেন্নাইৰ পৰা প্ৰায় ৫৬ কি.মি. দূৰত থকা এখন চহৰ, UNESCO World Heritage Site ৰ বাবে বিখ্যাত।

আমি গাড়ীৰ পৰা নামি প্ৰথমতে Shore temple ললৈ গলো। Shore temple সাগৰৰ পাৰত অৱস্থিত, গ্ৰেনাইট্ শিলেৰে নিৰ্মিত, ইয়াত তিনিটা মন্দিৰ আছে। মূখ্য মন্দিৰটো পাঁচ মহলীয়া, ভগৱান শিৱৰ মন্দিৰ। তেনেদৰে সৰু তৃতীয় মন্দিৰটোওঁ। দ্বিতীয় মন্দিৰটো ভগৱান বিষ্ণুৰ। এই মন্দিৰকেইটা দক্ষিণ ভাৰতৰ আটাইতকৈ পুৰণি মন্দিৰ বিলাকৰ ভিতৰত অন্যতম।
Shore Temple
মন্দিৰৰ বেৰবোৰত নন্দীৰ মূৰ্তি আছে
Shore temple ৰ পৰা আহি আমি সাগৰৰ পাৰত অলপ ফুৰিলো, পিচত গা ও ধুলো। সাগৰৰ পাৰবোৰ চঁফা, কোমল বালিৰ, বৰ ভাল লাগিল।
সাগৰৰ পাৰ
গা ধুলো
আমি কিবা খাই লৈ Descent of the Ganges চাব আহিলো। ইয়াত পুৰণি দিনৰ কাহিনী দুটা প্ৰকান্ড শিলত কাটি কাটি বনাই থোৱা আছে, ভাগীৰথে পৃথিৱীলৈ গংগা নমাই অনাৰ কাহিনী।
শিলত কাটি কাটি বনাই থোৱা পুৰণি দিনৰ আখ্যান
২৫০ টন্ ওজনৰ কৃষ্ণৰ Butterball
তাৰ পৰা আমি পঞ্চ ৰথ (Pancha Rathas) চাব গলো। ইয়াত পাঁচটা মন্দিৰ আছে, প্ৰতিটোৱেই দেখিব একোখন ৰথৰ নিচিনা, প্ৰতিটো এটা এটা শিলৰ পৰা কাটি কাটি উলিওৱা। এইকেইটাক পাঁচ পান্ডৱ আৰু দ্ৰোপদীৰ নাম দিয়া হৈছে।
পঞ্চ ৰথ
ধৰ্মৰাজ ৰথ, ওচৰৰ পৰা
ইতিমধ্যে সন্ধিয়া হ'বৰ হ'ল, আমিও চেন্নাই অভিমুখে যাত্ৰা কৰিলো।

No comments:

Post a Comment

Seven Sisters

Coming Soon