ব্ৰিটেইনৰ ইষ্ট ছাচেক্সৰ চেভেন চিষ্টাৰছ (Seven Sisters), দক্ষিণ ইংলেন্ডৰ Brighton অৰ ওচৰৰ এখন ঠাই, ই চক-মাটিৰে নিৰ্মিত পাহাৰৰ বাবে বিখ্যাত। ইয়াত ৭ খন চক-মাটিৰ পাহাৰ আছে।
চাউথ ডাউন্স (South Downs) ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অৱস্থিত এই ঠাইখনৰ সুন্দৰ দৃশ্যপট, জনপ্ৰিয় চিত্ৰগ্ৰহণৰ স্থানৰ বাবে বিখ্যাত। হেৰী পটাৰৰ দৰে অগণন ছবিত এই ঠাইখন দেখা যায়। বৰ্তমান মই ৱৰ্থিংত আছো। বহুদিনৰ পৰা এই ঠাইখনলৈ যোৱাৰ পৰিকল্পনা কৰি আছিলো আৰু এটা শনিবাৰে ইয়ালৈ ভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিলো।
মই ৰাতিপুৱাই ব্ৰাইটন অভিমুখে বাছ এখনত উঠিলোঁ। বতৰটো ৰাতিপুৱাৰ পৰাই অলপ গোমোঠা হৈ আছিল আৰু কিছু সময়ৰ পিছত বৰষুণ দিবলৈ ধৰিলে। মই ব্ৰাইটনত আন এখন বাছত উঠি চেভেন চিষ্টাৰছৰ ফালে গ’লোঁ। প্ৰায় এঘণ্টা সময় লাগিল আৰু মই চেভেন চিষ্টাৰছ কাউণ্ট্ৰী পাৰ্ক ষ্টপেজত নামিলোঁ। প্ৰচণ্ড বৰষুণ দিবলৈ ধৰিলে। মই ভিজিটৰ চেণ্টাৰৰ (visitor centre) ফালে আগবাঢ়িলোঁ। ভিজিটৰ চেণ্টাৰটো মানুহেৰে ভৰি পৰিছিল। বৰষুণৰ বাবে কোনো বাহিৰলৈ ওলোৱা নাছিল আৰু বহিবলৈ অলপো ঠাই নাছিল।
মই কিছু সময় অপেক্ষা কৰিলো, কিন্তু বৰষুণ নকমেহে নকমে। অৱশেষত বৰষুণৰ মাজেৰে খোজ কাঢ়ি যোৱা কিছুমান ব্যক্তিৰ পিছে পিছে খোজ কাঢ়িবলৈ ধৰিলোঁ—চেভেন চিষ্টাৰছ পাৰ্কৰ ফালে। চক-মাটিৰ পাহাৰ চাবলৈ ভিজিটৰ চেণ্টাৰৰ পৰা প্ৰায় ২.৫ কিমি বাট খোজ কাঢ়িব লাগে। মই লগত লৈ ফুৰা ছাতিটো খুলিলোঁ, বৰষুণৰ পৰা সুৰক্ষিত কৰিবলৈ মোৰ বেগটো সম্পূৰ্ণৰূপে ঢাকি দিলোঁ—ইয়াত মোৰ কেমেৰা আৰু মোবাইল আছে। মুকলি পথাৰ আৰু সৰু পাহাৰৰ মাজে মাজে মই খোজ কাঢ়িবলৈ আৰম্ভ কৰিলো।
চাউথ ডাউন্স ৰাষ্ট্ৰীয় উদ্যানৰ বিশাল মুকলি ঠাইত ভৰি দিওঁতে প্ৰথমে লক্ষ্য কৰিলোঁ ইয়াৰ প্ৰচণ্ড বতাহ। গছবোৰ নীৰৱ সাক্ষী হিচাপে থিয় হৈ আছিল, বহুতেই এটা দিশত বেঁকা হৈ পৰিছিল, যেন বহু আগতেই সিহঁতে আত্মসমৰ্পণ কৰিছিল।
![]() |
| প্ৰচণ্ড বতাহৰ বাবে গছবোৰ স্থায়ীভাৱে বেঁকা হৈ গৈছে। |
গছজোপা সৰু, বেছি ডাল আৰু পাত নাই, কিন্তু যি ঠাইত ডাঙৰ গছ নাথাকে তাত এড়া গছেই ডাঙৰ গছ। সেয়েহে মই গছৰ তলত ৰলো, ওপৰৰ পৰা বৰষুণৰ টোপ মোৰ গাত পৰি থাকিল যদিও কেমেৰা আৰু মোৱাইল নিতিতিল। মোৰ চোলা পেন্ট সম্পূৰ্ণ তিতিল।
| মোক আশ্ৰয় দিয়া গছজোপা |
কিছু সময় পিছত বৰষুণ কমিল, মই গছজোপাক ধন্যৱাদ জনাই গন্তৱ্য স্থানলৈ ৰাওনা হলো।
![]() |
| মুকলি পথাৰৰ মাজে মাজে খোজকাঢ়ি গৈ আছো |
| Chukmere নদী |
আৰু সেই মিলন ... কাব্যিক অনুভৱ হৈছিল। অস্থিৰ সাগৰত মিলি যোৱা নদীখনৰ নীৰৱতা, যেন দুখন বেলেগ বেলেগ পৃথিৱীয়ে সহাৱস্থান কৰিবলৈ শিকিছে। ইয়াৰ প্ৰাকৃতিক দৃশ্য বৰ মনোৰম।
![]() |
| Chukmere heaven |
এইবোৰ ধূসৰ আকাশৰ বিপৰীতে ওখকৈ থিয় হৈ আছিল, বৰষুণৰ ফলত সিহঁতৰ উজ্জ্বলতা কোমল হৈ পৰিছিল।
সিহঁতৰ তলত সাগৰৰ পাৰখন বিস্তৃত হৈ আছিল, ঢৌবোৰে এটা স্থিৰ ছন্দৰে বাগৰি আছিল। কোনো কোলাহল নাই, কোনো ভিৰ নাই—মাত্ৰ পানীয়ে মাটি লগ পোৱাৰ শব্দ, বাৰে বাৰে।
| চক-মাটিৰ পাহাৰ |
| চক-মাটিৰ এখন পাহাৰ , সেইবোৰৰ ওচৰতে বিভিন্ন ভংগীমাৰে বহুত ফটো তুলিলো। |
মই পাহাৰ, সাগৰৰ ওচৰে পাজৰে ইচ্ছামতে ফুৰিলো। মন শান্ত, পৰিতৃপ্ত হʼল।
| চাউথ ডাউন্স ৰাষ্ট্ৰীয় উদ্যানত, ইয়াৰ ওচৰৰ ঠাইবোৰ অন্বেষণ কৰিলোঁ। তেওঁলোকৰ উদ্যানবোৰত কাঠৰ গেট আছে। |
| নদীৰ পাৰে পাৰে |



No comments:
Post a Comment