Friday 31 December 2021

ভ্ৰমণ - বোম্বে, মুম্বাই

Flora Fountain, 28th Oct 1991

মুম্বাই হ'ল মই চোৱা মোৰ অসমৰ বাহিৰৰ প্ৰথমখন ঠাই। তেতিয়া ইয়াক বোম্বে (Bombay) বুলি কোৱা হৈছিল।
প্ৰায় ৩০ বছৰমান আগৰ কথা, মই চুৰাটৰ ইন্জিনিয়াৰিং কলেজত নাম ভৰ্তি কৰি আহি দেউতাৰ লগত এৰাতি বোম্বেত থাকিলো আৰু পিচদিনা তাৰ মূখ্য ঠাই বিলাক চালো।

ইয়াৰ পিচত আমি যিমান বাৰেই চুৰাটৰ পৰা ঘৰ অহা যোৱা কৰিছো প্ৰায় প্ৰতিবাৰেই মুম্বাই হৈয়েই আহিছো। প্ৰতিবাৰেই সময় উলিয়াই আমি ইয়াৰ বিভিন্ন ঠাইবোৰ চাইছো।

Hanging Gardens, 29th Oct 1991, with friend Shambhu (Nepal)
ইয়াৰ বিভিন্ন বজাৰবোৰত (Crawford Market, Fashion Street Market আদি) সোমাই বস্তু চাইছো, কেতিয়াবা কিনিছোওঁ। কেতিয়াবা দোকানীৰ লগত bargain কৰি বস্তু নোলোৱাত ধমকিও খাইছো। দোকানীবোৰ এনেকুৱা যে বস্তুৰ দাম সুধিলে লবই লগা হয়, কিয়নো সিহতে bargain অনুসাৰে দাম কমাই আহি থাকে, যদিহে বস্তুটো লোৱা নহয়, সিহতে যথেষ্ট বেয়া গালি পাৰে।
Taj Hotel, 6th Nov 1991, with Priyanka, Shambhu (Nepal), Chakma (Bangladesh), গোৱালৈ যোৱাৰ পথত

মুম্বাই CST (তেতিয়াৰ VT) ষ্টেচনৰ ওচৰত ৰাস্তাৰ দুয়োপাৰে বহুদুৰলৈ বিভিন্ন বস্তুৰ দোকান বহিছিল, তাত নানা ধৰণৰ ধূনীয়া বস্তু পোৱা গৈছিল। আমি কলেজৰ কেইজনমান বন্ধুৱে সেই দোকান বোৰ চাই ফুৰিছিলো, মই তাৰপৰা এটা সৰু ধুনীয়া binocular কিনিছিলো।

১৯৯২ ৰ মুম্বাইত হোৱা হিন্দু-মুছলমানৰ সংঘৰ্সৰ সময়ত মই তাতেই আছিলো।
সেইখিনি সময়ত মই এজন মানুহৰ লগত কেইদিন মানৰ বাবে ইনকাম্ টেক্স quarters ত থাকিছিলো। এদিন মই অতি ৰাতিপুৱাই মানুহজনক ৰেল ষ্টেছনত অসম অহা ৰেলত উঠাই দি উভতি যাওতে দেখো যে লোকেল ট্ৰেইনবোৰ একেবাৰে খালি, ষ্টেছনতো কোনো মানুহ নাই, ৰাস্তা ঘাটবোৰো জনশূন্য, মাজতে ৰাস্তাত কিবা জ্বলাই থোৱাও দেখিলো, তথাপি ভয়ে ভয়ে খোজকাঢ়ি গৈ quarters পোৱাৰ পিচতহে জানিলো যে হিন্দু-মুছলমানৰ কাজিয়া হৈচে আৰু মানুহবোৰ ঘৰে ঘৰে সোমায় আছে।
তাৰ পিচত মই বহুদিন ধৰি তাত আৱদ্ধ হৈ পৰিছিলো। মোৰ লগত এজন তামিলনাডুৰ বয়সিয়াল ভয়াতুৰ মানুহ থাকিছিল। কেতিয়াবা ৰাতি ওচৰে পাজৰে অলপ শব্দ হ'লেই তেখেত উঠি খিৰিকিৰ ফুটাৰে জুমি চাই আৰু মোকো টোপনিৰ পৰা উঠাই দিয়ে।

ইন্জিনিয়াৰিং পাচ কৰাৰ পিচত মই কাম কৰি থকা কোম্পানীৰ মিটিংত এবাৰ ৯৬ নে ৯৭ ত মুম্বাই আহিছিলো, কিন্তু সেইবাৰ বিশেষ একো ঘূৰা নহ'ল, মাত্ৰ Thane ত থাকিলো আৰু যোৱা সময়ত CST ৰ ওচৰে পাজৰে ঘুৰি গুচি গলো।

২০১৭ চনত আকৈ মুম্বাই আহিলো, চুৰাটৰ কলেজৰ reunion ত যাওতে। তেতিয়া তাত কিছু সলনি দেখিলো, Gateway of India চাবলৈ এতিয়া বহুত দীঘল শাৰী পাতিব লাগে, আগতে নালাগিছিল।
এইবাৰ পৰিয়াল লগত আছে, হাজি আলি দৰগাহ্, শিদ্ধীবিনায়ক, ISKCON, মহালক্ষ্মী মন্দিৰ, Marine Drive, Bandra-Worli Sea Link, Gateway of India আদি চাই ঘূৰি গুচি আহিলো।

হাজি আলি দৰগাহ্, March 2017

No comments:

Post a Comment

ইংলেন্ডৰ গাওঁৰ অবিস্মৰণীয় অভিজ্ঞতা: The Allure of an English Village

ইংলেন্ডৰ এখন সৰু ঠাইত হোৱা মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত মই ইয়াত লিখিছো। অফিচৰ কামৰ সূ্ত্ৰে মই Worthing নামৰ দক্ষিণ ইংলেন্ডত অৱস্থিত এ...