Monday 28 February 2022

মহাবলিপুৰম্ ভ্ৰমণৰ অভিজ্ঞতা

২০০৬ চনৰ ডিচেম্বৰ্ মাহ, আমি মহাবলিপুৰম্ চাবলৈ আহিছো, চেন্নাইৰ পৰা।
মহাবলিপুৰম্ তামিলনাডুৰ চেন্নাইৰ পৰা প্ৰায় ৫৬ কি.মি. দূৰত থকা এখন চহৰ, UNESCO World Heritage Site ৰ বাবে বিখ্যাত।

আমি গাড়ীৰ পৰা নামি প্ৰথমতে Shore temple ললৈ গলো। Shore temple সাগৰৰ পাৰত অৱস্থিত, গ্ৰেনাইট্ শিলেৰে নিৰ্মিত, ইয়াত তিনিটা মন্দিৰ আছে। মূখ্য মন্দিৰটো পাঁচ মহলীয়া, ভগৱান শিৱৰ মন্দিৰ। তেনেদৰে সৰু তৃতীয় মন্দিৰটোওঁ। দ্বিতীয় মন্দিৰটো ভগৱান বিষ্ণুৰ। এই মন্দিৰকেইটা দক্ষিণ ভাৰতৰ আটাইতকৈ পুৰণি মন্দিৰ বিলাকৰ ভিতৰত অন্যতম।
Shore Temple
মন্দিৰৰ বেৰবোৰত নন্দীৰ মূৰ্তি আছে
Shore temple ৰ পৰা আহি আমি সাগৰৰ পাৰত অলপ ফুৰিলো, পিচত গা ও ধুলো। সাগৰৰ পাৰবোৰ চঁফা, কোমল বালিৰ, বৰ ভাল লাগিল।
সাগৰৰ পাৰ
গা ধুলো
আমি কিবা খাই লৈ Descent of the Ganges চাব আহিলো। ইয়াত পুৰণি দিনৰ কাহিনী দুটা প্ৰকান্ড শিলত কাটি কাটি বনাই থোৱা আছে, ভাগীৰথে পৃথিৱীলৈ গংগা নমাই অনাৰ কাহিনী।
শিলত কাটি কাটি বনাই থোৱা পুৰণি দিনৰ আখ্যান
২৫০ টন্ ওজনৰ কৃষ্ণৰ Butterball
তাৰ পৰা আমি পঞ্চ ৰথ (Pancha Rathas) চাব গলো। ইয়াত পাঁচটা মন্দিৰ আছে, প্ৰতিটোৱেই দেখিব একোখন ৰথৰ নিচিনা, প্ৰতিটো এটা এটা শিলৰ পৰা কাটি কাটি উলিওৱা। এইকেইটাক পাঁচ পান্ডৱ আৰু দ্ৰোপদীৰ নাম দিয়া হৈছে।
পঞ্চ ৰথ
ধৰ্মৰাজ ৰথ, ওচৰৰ পৰা
ইতিমধ্যে সন্ধিয়া হ'বৰ হ'ল, আমিও চেন্নাই অভিমুখে যাত্ৰা কৰিলো।

Friday 18 February 2022

শ্ৰৱণবেলাগোলা ভ্ৰমণৰ অভিজ্ঞতা

English Version
২০০৬ চনৰ এপ্ৰিল মাহ, আমি Mysore ৰ পৰা শ্ৰৱণবেলাগোলা নামৰ ঠাই খন অভিমুখে যাত্ৰা কৰিছো।

শ্ৰৱণবেলাগোলা দক্ষিণ ভাৰতৰ Mysore ৰ পৰা প্ৰায় ৮৫ কি.মি. দূৰত অৱস্থিত এখন সৰু চহৰ। ঠাইখন ইয়াত থকা জৈন ধৰ্মৰ ভগৱান Gommateshwara Bahubali মূৰ্ত্তিৰ বাবে বিখ্যাত। ৫৭ ফুট্ ওখ, ১০০০ বছৰ পুৰণি এই মূৰ্ত্তিটো এটা প্ৰকান্ড গ্ৰেনাইট (granite) শিলৰ পৰা কাটি কাটি বনোৱা, পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্ত্তিবিলাকৰ ভিতৰত অন্যতম।
Lord Gommateshwara Bahubali statue

এই মূৰ্ত্তিটো বিন্ধ্যাগিৰি পৰ্বতত অৱস্থিত। পাহাৰৰ ওপৰলৈ প্ৰায় ৬০০ খন শিলৰ চিৰি খোজকাঢ়ি যাব লাগে, জোতা চেন্দেল আদি পিন্ধিব নোৱাৰি।
The steps to be climbed up.

আমি গৈ প্ৰায় ৩ টা মান বজাত পালো। বতৰটো গৰম, যথেষ্ট ৰ'দ দিছে। মোৰ পত্নীয়ে ভক্তিভাবে খালি ভৰিৰে দুখন মান চিৰি বগাই উফ্ উফ্ কৰি উভতি আহিল, শিলত ৰ'দ পৰি চিৰি বিলাক জুইৰ নিচিনা গৰম হৈ আছে।
আমি মোজা পিন্ধি চিৰি বগাব ধৰিলো, ৰ'দৰ পৰা বাচিবলৈ টুপি কিনিলো। ৰ'দটো বৰ প্ৰখৰ, ৰ'দত শিলৰ চিৰি বিলাকৰ পৰাও গৰম আহিছে। আমি ঘামিছো আৰু পানী খাইছো, অলপ দূৰ গৈ এঠাইত জিৰণি ললো।
We rested in between.

ইয়ালৈ যথেষ্ট মানুহ আহে, খোজকাঢ়িব নোৱাৰা মানুহক কঢ়িয়াবলৈ পাল্কীৰ ব্যৱস্থাও আছে। ডিগম্বৰ্ জৈন মানুহ মই ইয়াত প্ৰথম দেখিলো।
এনেদৰে মাজে মাজে ৰৈ আমি পাহাৰ বগাই গৈ ওপৰ পালো।
The statue.

পাহাৰৰ ওপৰৰ মূৰ্ত্তি আৰু ইয়াৰ ওচৰৰ ঠাইখিনিৰ পৰিবেশতো যথেষ্ট শান্তিপূৰ্ণ, গা আৰু মনটো যেন শীতল পৰি গ'ল। আমি মূৰ্ত্তিৰ ওচৰে পাজৰে বহুত সময় কটালো।

প্ৰতি ১২ বছৰৰ মূৰে মূৰে এই মূৰ্ত্তিটোৰ মহামস্তক অভিশেক্ (Mahamastakabhisheka) জৈন সম্প্ৰদায়ৰ লোক সকলে ধুমধামেৰে পালন কৰে। এই উৎসৱৰ সময়ছোৱাত মূৰ্ত্তিটো পানী, গাখীৰ, হালধি, চন্দন আদিৰে ধুৱাই দিয়া হয়। মূৰ্ত্তিটো বহুত ওখ বাবে চিৰিৰে ওপৰলৈ গৈ বস্তুবোৰ ধালি দিয়া হয়।
মহামস্তক অভিশেক্ এই বছৰৰ ফেব্ৰুৱাৰী মাহতে হৈ গ'ল যদিও এতিয়াও সৰু হিচাবে হৈ আছে, আমিও অলপ দেখিলো।
Mahamastakabhisheka is being celebrated.

পাহাৰৰ ওপৰৰ পৰা ওচৰ পাজৰৰ ঠাইবোৰ বহুত দূৰলৈ দেখা পোৱা যায়। আমি শিলত বহি দৃশ্য উপভোগ কৰিলো, ৰ'দ যথেষ্ট কমিছে গতিকে বহি ভাল লাগিল।
ওচৰ পাজৰৰ দৃশ্য বৰ ধুনীয়া

এনেদৰে অলপ সময় বহাৰ পিচত আমি লাহে লাহে পাহাৰৰ পৰা নামি আহিলো। এখন দোকানত বিভিন্ন ধৰণৰ কাঁচৰ ধুনীয়া খাৰু দেখি মোৰ পত্নীয়ে কিনিলে। পিচত কিবা কিবি খাই আমি বাংগালোৰ অভিমুখে যাত্ৰা কৰিলো।

See more photos here.

Friday 11 February 2022

Team building training অৰ অভিজ্ঞতা: Pegasus

English Version
৩১ জুলাই ২০০৪ চন, অফিচৰ পৰা আমাক team building training দিবলৈ Pegasus training institute তলৈ লৈ যোৱা হ'ল, ২ দিনৰ বাবে।

Pegasus training institute বাংগালোৰত থকা এটা প্ৰশিক্ষণ কেন্দ্ৰ, সিহতে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়ে, team building training সিহঁতে সিহঁতৰ কেম্পত দিয়ে। কেম্পটো চহৰৰ পৰা অলপ আঁতৰত, শান্তিপূৰ্ণ নিৰিবিলি ঠাইত।

প্ৰশিক্ষণ হিচাবে সিহতে আমাক সৰু সৰু দলত ভাগ কৰি প্ৰতিটো দলকে একোটা group activity কৰিব দিয়ে। এই কামবিলাক interesting আৰু প্ৰতিজন মানুহৰে ইয়াত সমান ভাগ থাকে। সিহতৰ বহুকেইজন instructor থাকে, কামতো হৈ যোৱাৰ পিচত তাৰ বিষয়ে ধুনীয়াকৈ বুজাই দিয়ে, কিয় কামটো আমি কৰিব পাৰিলো বা নোৱাৰিলো, কেনেকে কৰিলে আমি কামটো ভালদৰে কৰিব পাৰিলোহেতেন ইত্যাদি।
A group activity is being performed
Group activity বিলাকৰ মাজে মাজে কিছুমান theory ক্লাচ ও হয় য'ত বিভিন্ন ধৰণৰ idea শিকোৱা হয়। এই বিলাকত প্ৰায়ে মাজৰ পৰা এজনক মাতি নি কিবা কিবি ক'ব দিয়ে।
Attending a theory class
I'm speaking to the group
মনত থকা এটা group activity হ'ল এনেধৰণৰ। তিনিডাল বাহেৰে এটা ত্ৰিকোণ বনাই এটা মূৰত বহুকেইদাল দীঘল ৰচি বান্ধি দিয়া হ'ল। এতিয়া ত্ৰিকোণটো বহুকেইজনে ৰচিৰ সহায়ত টানি ধৰি থিয়কৈ ৰাখিব লাগে, এজন মানুহ ত্ৰিকোণটোত উঠিব লাগে আৰু ত্ৰিকোণটো প্ৰায় ৫০ মিটাৰ নিব লাগে, কিন্তু ত্ৰিকোণটো আৰু তাত উঠি থকা মানুহজন মাটিত পৰিব নালাগিব। দেখাত এইটো অতি সহজ কিন্তু কৰিবলৈ টান, কিয়নো ত্ৰিকোণটো এঠাইৰ পৰা আনঠাইলৈ নিওতে balance হেৰাই মাটিত পৰি যায়।
The triangle group activity
ৰাতি থকাৰ বাবে ইয়াত tent আছে, আমি বহুকেইজনে এটা tent তটে থাকিলো। ৰাতি কিছু সময়লৈ ইটো সিটো কথা পাতিলো কিন্তু বেছি ৰাতি হোৱাৰ আগতেই শুলো, ৰাতিপুৱা সোনকালে উঠিব লাগে।
The tents for night stay
দ্বিতীয় দিনা এটা অলপ ডাঙৰ group activity দিলে। আমাক ৪ টা দলত ভাগ কৰিলে, প্ৰতিটো দলকে সমান সংখ্যক বাঁহ, ৰচি, tyre আদি দিলে। কৰিব দিয়া কামটো হ'ল যিমান পাৰি কম সংখ্যক বস্তু ব্যৱহাৰ কৰি এখন ভেল্ বনাব লাগে, ভেলখনত বহি দলৰ মানুহবোৰ এখন সৰু নদী পাৰ হৈ আহিব লাগে, কিন্তু মানুহবোৰ পানীত ডুব যাব নালাগিব। এই কামটোও দেখাত সহজ, আমাৰ দলটোৱে ভেল্ বনাই পানীত চলালে কিন্তু মানুহ কেইজন পানীত আধা ডুব গ'ল।
The boat build by us is being inspected by a trainer
We're ready to ride
The boat didn't work as expected, team members were almost submerged in water
ট্ৰেইনিং টোত গৈ বহুত ভাল অভিজ্ঞতা হ'ল। একেলগে group activity বিলাক কৰি বাকি আনবিলাকৰ লগত ভাল সম্পৰ্ক গঢ়ি উঠিল, শিকিলো যে group activity বিলাকত সদায় দলটোৰ স্ৱাৰ্থ আগত ৰাখিব লাগে, কি কৰিলে দলটোৰ performance বাঢ়িব তাৰ বিষয়ে ভাবিব লাগে।
এনে প্ৰশিক্ষণে বহুত কিবা কিবি শিকাই, মানুহক mature হোৱাত সহায় কৰে।
মই কাম কৰা প্ৰতিস্থান LG লৈ ধন্যবাদ।

See more photos here.

ইংলেন্ডৰ গাওঁৰ অবিস্মৰণীয় অভিজ্ঞতা: The Allure of an English Village

ইংলেন্ডৰ এখন সৰু ঠাইত হোৱা মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত মই ইয়াত লিখিছো। অফিচৰ কামৰ সূ্ত্ৰে মই Worthing নামৰ দক্ষিণ ইংলেন্ডত অৱস্থিত এ...