Wednesday 29 November 2023

Timeless Treasures: London অৰ Natural History Museum ভ্ৰমণ


Photo by DAVID ILIFF. License: CC BY-SA 3.0

মূল লেখাটো ইয়াত পঢ়ক

৩ আগস্ট, ২০১৩ ।
লন্ডনৰ পৰা প্ৰায় ৪ কি.মি. মান দূৰত অৱস্থিত, এইটো এটা পৃথিৱী বিখ্যাত সংগ্ৰহালয়।
ইয়াত প্ৰায় ৮০ লাখ বিভিন্ন ধৰণৰ বস্তু সংগ্ৰহ কৰি থোৱা আছে। ইয়াত চাবলৈ বহুত বস্তু আছে - বিভিন্ন প্ৰজাতিৰ চৰাই, জন্তু, পখিলা, উদ্ভিদ, minerals, gemstones and rocks, Whales, Arts, Dinosaurs gallery, Mammals, Fossils, Volcanos, Meteorites ... আদি। চাই থাকিলে শেষেই নহয়, ভালদৰে চাবলৈ হ'লে দুদিন মান লাগে।

Building টো দেখিবলৈ বৰ মনোমোহা, বাহিৰ আৰু ভিতৰ খন architectural terracotta tiles এৰে নিৰ্মিত।

ডাইনোছৰৰ কংকাল আৰু প্ৰতিৰূপ:
প্ৰদৰ্শনীসমূহৰ ভিতৰত অন্যতম বিখ্যাত আৰু আটাইতকৈ বিশিষ্ট প্ৰতিৰূপ হʼল Diplodocus কংকালৰ ১০৫ ফুট (৩২ মিটাৰ) দীঘল প্ৰতিৰূপ (nicknamed "Dippy")। ইয়াত diplodocus ৰ ওপৰিও আন নানা ধৰণৰ বিশাল ডাইনোছৰৰ কংকালৰ কাল্পনিক অবয়ব চাব আৰু এই প্ৰাচীন দৈত্যবোৰৰ বিষয়ে জানিব পাৰি।

Diplodocus কংকালৰ প্ৰতিৰূপ

বন্যপ্ৰাণীৰ প্ৰদৰ্শনীসমূহ:
ইয়াত ক্ষুদ্ৰ পোক-পৰুৱাৰ পৰা আৰম্ভ কৰি বিশাল শক্তিশালী স্তন্যপায়ী প্ৰাণীলৈকে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ জীৱ-জন্তুৰ জীৱন্ত প্ৰদৰ্শন দেখা পোৱা যায়।

Bird Gallery ৰ এটা অংশ, ইয়াত ক্ষুদ্ৰ hummingbird পৰা আৰম্ভ কৰি বিশাল elephant bird লৈকে বিভিন্ন চৰাইৰ মূৰ্তি, ইয়াৰ কণী আৰু বাহ আছে।

Mammal Gallery ৰ এটা অংশ। চিলিঙৰ পৰা ওলমি থকা আকৰ্ষণীয় blue whale ৰ অবিশ্বাস্য কংকাল দেখি আচৰিত হ'ব!

Earth Galleries:
ইয়াত পৃথিৱীৰ ইতিহাস, শিল, খনিজ পদাৰ্থ, আনকি ভূমিকম্পৰ বিষয়েও জানিব পাৰি।
বিভিন্ন ধৰণৰ Metals, Minerals আৰু Gemstones প্ৰকৃতিত কি আকাৰত পোৱা যায় আৰু মানুহে তাৰ পৰা কি ধৰণৰ সামগ্ৰী প্ৰ্স্তুত কৰে ভালদৰে দেখুওৱা হৈছে।

Earth's Treasury gallery ৰ এটা অংশ। Samples of Metals, Minerals and Gemstones like gold, diamond, sapphire, opal, quartz, zircon, ruby and emerald in natural form and man-made form.

Aurora Pyramid of Hope: A stunning array of 296 naturally coloured diamonds which glows under ultraviolet light.
ইয়াত কিছুমান দোকানো আছে য'ত ভাল ভাল বস্তু পোৱা যায়।

Gem stones on sale

ইয়াত চাবলৈ ইমান আছে যে চাই থাকিলে শেষেই নহয়, ভালদৰে চাবলৈ হ'লে দুদিন মান লাগে।
মই ৰতিপুৱাৰ পৰা সন্ধিয়ালৈকে চালো, পিচে শেষ নোহোৱাত গুচি আহিব লগা হ'ল, কিয়নো মোৰ আন মিউ্জিয়াম চোৱাৰও plan আছে।।
মই ওচৰতে থকা Science Museum অলৈ খোজ দিলো।

ইংলেন্ডৰ গাওঁৰ অবিস্মৰণীয় অভিজ্ঞতা: The Allure of an English Village

ইংলেন্ডৰ এখন সৰু ঠাইত হোৱা মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত মই ইয়াত লিখিছো। অফিচৰ কামৰ সূ্ত্ৰে মই Worthing নামৰ দক্ষিণ ইংলেন্ডত অৱস্থিত এ...